Dhubri Medical College Recruitment 2026: ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি হৈছে পদখালী, জানক কেনেকৈ কৰিব আবেদন

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (DMCH)-এ শেহতীয়াকৈ Computer Assistant পদৰ বাবে এক নিযুক্তি জাননী মুকলি কৰিছে। এই নিযুক্তি ‘ASSIST PROJECT’-ৰ অধীনত সম্পূৰ্ণ ঠিকাভিত্তিক ভাবে কৰা হ’ব। যদি আপুনি এজন স্নাতক ডিগ্ৰীধাৰী আৰু কম্পিউটাৰৰ জ্ঞান আছে, তেন্তে এই সুযোগ গ্ৰহণ কৰিব পাৰে।

Dhubri Medical College Recruitment 2026 – Overview

OrganizationDhubri Medical College & Hospital (DMCH)
Post NameComputer Assistant
Total Post01
Project NameASSIST PROJECT
Job LocationDhubri, Assam
Interview Date02-03-2026
SalaryRs. 10,000/- Per Month

Eligibility Criteria (অৰ্হতা)

​এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ তলত দিয়া অৰ্হতাসমূহ থকাটো প্ৰয়োজন:

  • শিক্ষাগত অৰ্হতা: যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (Graduate) ডিগ্ৰী।
  • কাৰিকৰী জ্ঞান: কম্পিউটাৰ এপ্লিকেচনত (Computer Applications) চাৰ্টিফিকেট থাকিব লাগিব।
  • অভিজ্ঞতা: ডাটা মেনেজমেন্টত (Data Management) নূন্যতম ২ বছৰৰ অভিজ্ঞতা
  • অগ্ৰাধিকাৰ: স্বাস্থ্য খণ্ডৰ প্ৰকল্পত (Health Projects) কাম কৰা অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হ’ব।

How to Apply (আবেদন প্ৰক্ৰিয়া)

​এই নিযুক্তিৰ বাবে কোনো অনলাইন আবেদনৰ প্ৰয়োজন নাই। ই এক Walk-in Interview। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া নথিপত্ৰসমূহ লগত লৈ নিৰ্ধাৰিত দিনত উপস্থিত থাকিব লাগিব:

  1. Standard Form-ত সম্পূৰ্ণ Bio-data।
  2. ​সকলো শিক্ষাগত অৰ্হতাৰ মূল নথিপত্ৰ (Original Documents)।
  3. ​সকলো নথিপত্ৰৰ একোপিকৈ Self-attested copies
  4. ​২ কপি শেহতীয়া পাছপোৰ্ট চাইজ ফটো।

সাক্ষাৎকাৰৰ স্থান ও সময়:

  • তাৰিখ: ০২ মাৰ্চ, ২০২৬
  • সময়: ৰাতিপুৱা ১১:০০ বজাত
  • স্থান: Conference Hall, Administrative Block, O/o The Principal cum Chief Superintendent, Dhubri Medical College & Hospital, Dhubri.

Frequently Asked Questions (FAQ)

১. ধুবুৰী মেডিকেল কলেজৰ এই নিযুক্তি স্থায়ী নেকি?

নহয়, এইটো সম্পূৰ্ণ ৬ মাহৰ বাবে ঠিকাভিত্তিক (Contractual) নিযুক্তি।

২. সাক্ষাৎকাৰৰ বাবে আবেদন মাচুল কিমান?

এই নিযুক্তিৰ বাবে কোনো আবেদন মাচুল (Application Fee) দিব নালাগে।

৩. সাক্ষাৎকাৰৰ বাবে TA/DA পোৱা যাবনে?

নহয়, সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ কোনো ধৰণৰ ভাট্টা (TA/DA) প্ৰদান কৰা নহয়।

Related Post

Dhubri Medical College Recruitment 2026

Leave a Comment