কাজিৰঙা এলিভেটড কৰিডৰ আধাৰশিলাৰ স্থাপন, এতিয়া 8 ঘণ্টাত সম্পূৰ্ণ হব গুৱাহাটী ডিব্ৰুগড়ৰ যাত্ৰা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, জনোৱা মতে – তেখেতে যোৱাবাৰ ডিব্ৰুগড় ত কাজিৰঙা এলিভেটড কৰিডৰ প্ৰকল্প কথা প্ৰকাশ কৰিছিল, 76 গণতন্ত্ৰ দিৱসত।

যোৱাবাৰ গণতন্ত্ৰ দিৱসত পতাকা উত্তৰণ কৰি ডিব্ৰুগড়ত হিমন্ত বিশ্বশৰ্মাই কৈছিল যে – খুব কম সময়ৰ ভিতৰতে কাজিৰঙা ৰ ওপৰত 32 km এলিভেটড কৰিডৰ নিৰ্মাণ কৰ হব।

কথা মতে, 2026 বৰ্ষৰ প্ৰথম ভাগতে ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰী যুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰত আহি কাজিৰঙাৰ ওপৰত কাজিৰঙা এলিভেটড কৰিডৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰে। যত এতিয়া আগৰ দূৰত্ব কৈ 4 km বেছি দূৰত্ব নিৰ্মাণ কৰা হব।

অসমৰ মুখ্যমন্ত্ৰী জনোৱা ধৰনে এই প্ৰকল্প ৰ কাম 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। ইয়াৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ দূৰত্ব 1 ঘণ্টা কমি যাব বুলি তেখেতে মত প্ৰকাশ কৰে।

তেওঁ আৰু দুটা সপোনৰ কথা উল্লেখ কৰিছে – 1/ ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু 2/ শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। ইয়াৰ নিৰ্মাণৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ দূৰত্ব 4 ঘণ্টা লৈকে কমি যাব।

Leave a Comment