নমস্কাৰ বন্ধুসকল! আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আজি ১ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হৈছে চৰকাৰৰ বিশেষ আঁচনি ‘অন্ন সেৱা দিন‘। এই আঁচনিৰ জৰিয়তে আমাৰ ৰাজ্যৰ প্ৰায় ৭০ লাখতকৈ অধিক পৰিয়ালে ৰেচন দোকানৰ পৰা বিশেষ সুবিধা লাভ কৰিব পাৰিব।
এইবাৰ কেৱল বিনামূলীয়া চাউলেই নহয়, বৰঞ্চ বজাৰতকৈ বহুত কম দামত আপোনালোকে দাইল, চেনি আৰু নিমখো ক্ৰয় কৰিব পাৰিব।
কি কি সুবিধা পাব?
- বিনামূলীয়া চাউল: অন্ত্যোদয় অন্ন যোজনা (AAY) কাৰ্ড থকা সকলে ৩৫ কিলোগ্ৰাম আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত (PHH) কাৰ্ড থকা সকলে ৫ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল পাব।
- সুলভ মূল্যৰ খাদ্য: ১ কিলোগ্ৰাম মচুৰ দাইল (৬০ টকা), চেনি (৩০ টকা) আৰু নিমখ (১০ টকা) দৰত ক্ৰয় কৰিব পাৰিব।
মনত ৰাখিব, এই সুবিধা কেৱল ১ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈকেহে উপলব্ধ হ’ব। গতিকে সময় থাকোঁতেই আপোনাৰ ওচৰৰ সুলভ মূল্যৰ দোকানলৈ যাওক।
অন্ন সেৱা দিন: দোকানী আৰু গ্ৰাহকৰ বাবে দৰকাৰী নিৰ্দেশনা
| সুলভ মূল্যৰ দোকানীৰ কৰণীয় | গ্ৰাহকলৈ আহ্বান |
| অন্ন সেৱা দিন সম্পৰ্কে ব্যাপক প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰিব লাগিব। | চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক টকা কোনো কাৰণতে পৰিশোধ নকৰিব। |
| অন্ন সেৱা দিনৰ প্ৰতিটো দিনতে দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব। | প্ৰতিটো সামগ্ৰীৰ বাবে পৃথক পৃথককৈ e-POS মেচিনৰ জৰিয়তে বায়’মেট্ৰিক প্ৰমাণীকৰণ কৰাটো জৰুৰী। |
| গ্ৰাহকে লাভ কৰা সামগ্ৰীৰ বিপৰীতে e-POS মেচিনৰ ৰচিদ প্ৰদান কৰিব লাগিব। | সামগ্ৰী সংগ্ৰহৰ বিপৰীতে e-POS মেচিনৰ পৰা ওলোৱা ৰচিদ ল’বলৈ নাপাহৰিব। |
প্ৰশ্ন: চাউল ল’বলৈ বায়’মেট্ৰিক লাগিব নেকি?
উত্তৰ: হয়, ই-প’চ (e-POS) মেচিনত বায়’মেট্ৰিক প্ৰমাণীকৰণ কৰাটো বাধ্যতামূলক।
প্ৰশ্ন: কিবা অভিযোগ থাকিলে ক’ত জনাব পাৰিম?
উত্তৰ: আপুনি টোল-ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৬১১ ত ফোন কৰিব পাৰিব।