DEE Assam Merit List 2026: LP UP শিক্ষক নিযুক্তিৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ, ইয়াত চেক কৰক নিজৰ নাম

DEE Assam LP UP Merit List 2026: প্ৰাথমিক শিক্ষা সঞ্চালকালয় (DEE), অসমে নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) শিক্ষক পদৰ বাবে বহু প্ৰত্যাশিত Provisional Merit List আজি ১৯ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে মুকলি কৰিছে। যিসকল প্ৰাৰ্থীয়ে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিছিল, তেওঁলোকে এতিয়া বিভাগীয় ৱেবছাইটত জিলাভিত্তিত কাট-অফ মাৰ্ক আৰু মেৰিট লিষ্ট পৰীক্ষা কৰিব পাৰিব।

DEE Assam Teacher Recruitment 2026 – Overview

OrganizationDirectorate of Elementary Education (DEE), Assam
Post TypeLP & UP Teacher
Merit List Date19th February 2026
Official Websitedee.assam.gov.in
Verification VenueKhanapara, Guwahati

মেৰিট লিষ্ট কেনেকৈ প্ৰস্তুত কৰা হৈছে? (Marks Calculation Formula)

​মেৰিট লিষ্টখন অনলাইন আবেদন আৰু ডকুমেণ্ট ভেৰিফিকেচনৰ সময়ত জমা দিয়া তথ্যৰ ভিত্তিত তলত দিয়া সূত্ৰ অনুসৰি প্ৰস্তুত কৰা হৈছে:

১. নিম্ন প্ৰাথমিক (Lower Primary):

  • ​TET Marks: 85%
  • ​Higher Secondary (HS): 5%
  • ​Professional Qualification: 5%
  • ​ECA: 5%
  • Total: 100%

২. উচ্চ প্ৰাথমিক (Upper Primary):

  • ​TET Marks: 80%
  • ​Higher Secondary (HS): 5%
  • ​Graduation: 5%
  • ​Professional Qualification: 5%
  • ​ECA: 5%
  • Total: 100%

Withheld Candidates আৰু অভিযোগ দাখিলৰ সময়সূচী

​যিসকল প্ৰাৰ্থীৰ নাম “Withheld” হিচাপে ৰখা হৈছে বা কাৰোবাৰ যদি কাট-অফ মাৰ্কক লৈ অভিযোগ আছে, তেওঁলোকে গুৱাহাটীত শাৰীৰিকভাৱে উপস্থিত হৈ স্পষ্টীকৰণ দিব লাগিব।

  • সময়: ৰাতিপুৱা ১১:০০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ।
  • স্থান: Rohika, Assam Agriculture University International Guest House, Khanapara, Guwahati – 22.

জিলাভিত্তিক দিনলিপি (Schedule):

  • ২০ ফেব্ৰুৱাৰী ২০২৬: বৰপেটা, দৰং, হোজাই, কামৰূপ, কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, নলবাৰী আৰু শোণিতপুৰ।
  • ২১ ফেব্ৰুৱাৰী ২০২৬: বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ধেমাজি, গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ।
  • ২২ ফেব্ৰুৱাৰী ২০২৬: কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, হাইলাকান্দি, মাজুলী, দক্ষিণ শালমাৰা, শ্ৰীভূমি আৰু তিনিচুকীয়া।

প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

​১. যদি আপলোড কৰা নথি-পত্ৰত কোনো ধৰণৰ ভুল পোৱা যায়, তেন্তে প্ৰাৰ্থিত্ব বাতিল কৰা হ’ব।

২. এইখন কেৱল প্ৰভিজনেল মেৰিট লিষ্টহে। ইয়াৰ পিছত Final Select List প্ৰকাশ পাব আৰু তাৰ পিছতহে নিযুক্তি পত্ৰ দিয়া হ’ব।

DEE Assam Merit List 2026

Frequently Asked Questions (FAQ)

১. DEE Assam Merit List ক’ত চেক কৰিব পাৰিব?

আপুনি চৰকাৰী ৱেবছাইট https://dee.assam.gov.in ত গৈ নিজৰ জিলা অনুযায়ী লিষ্টখন চাব পাৰিব।

২. মোৰ নাম “Withheld” লিষ্টত থাকিলে কি কৰিব লাগিব?

আপুনি ২০ ৰ পৰা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত (আপোনাৰ জিলাৰ দিন অনুযায়ী) খানাপাৰাৰ নিৰ্ধাৰিত স্থানত উপস্থিত হৈ নথিপত্ৰ পৰীক্ষা কৰাব লাগিব।

Leave a Comment