Assam State Warehousing Corporation (ASWC) এ শেহতীয়াকৈ Warehouse Manager Grade-II পদৰ বাবে এক নিযুক্তিৰ জাননী জাৰী কৰিছে। এই পদৰ বাবে যোগ্য আৰু আগ্ৰহী ভাৰতীয় নাগৰিক তথা অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত (Employment Exchange) নাম পঞ্জীয়ন থকা প্ৰাৰ্থীসকলৰ পৰা আবেদন আহ্বান কৰা হৈছে।
পদৰ সবিশেষ (Job Details):
- পদৰ নাম: Warehouse Manager Grade-II
- মুঠ পদৰ সংখ্যা: ১০ টা
- দৰমহা: ৮,০০০ টকা – ৩৫,০০০ টকা (লগত ৪,৭০০ টকাৰ Grade Pay আৰু অন্যান্য বানচ)।
যোগ্যতাৰ চৰ্তসমূহ:
- শিক্ষাগত অৰ্হতা: যিকোনো শাখাৰ স্নাতক (Graduate) হ’ব লাগিব। ইয়াৰ লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অন্ততঃ ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা থকাটো বাধ্যতামূলক।
- পছন্দ (Preference): বিজ্ঞান বা বাণিজ্য শাখাৰ স্নাতক (Biology/Chemistry বা Economics থাকিলে অগ্ৰাধিকাৰ দিয়া হ’ব)।
- বয়সৰ সীমা: ০১-০১-২০২৬ তাৰিখলৈ ২১ ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। (চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ ৰেহাই থাকিব)।
আবেদন মাচুল:
- সাধাৰণ শ্ৰেণী (General): ৫০০ টকা।
- SC/ST/OBC: ২৫০ টকা।
- (আবেদন মাচুল কেৱল Demand Draft ৰ জৰিয়তে গ্ৰহণ কৰা হ’ব)
কেনেকৈ আবেদন কৰিব?
আগ্ৰহী প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট https://warehouse.assam.gov.in/ ৰ পৰা নিৰ্ধাৰিত আবেদন পত্ৰ (Application Format) ডাউনলোড কৰি সঠিককৈ পূৰণ কৰিব লাগিব। আবেদন পত্ৰখন প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে ডাকযোগে বা নিজে গৈ জমা দিব পাৰিব।
- আবেদন জমা দিয়াৰ অন্তিম তাৰিখ: ২০ ফেব্ৰুৱাৰী, ২০২৬
New Job Updates:

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:
🚨 Latest Govt Jobs 2026 – Apply Before Last Date!
Railway, Bank, SSC & 10th Pass Jobs Available
👉 Check All Jobs Now