Assam Horticulture Training 2026: অসম চৰকাৰৰ বিনামূলীয়া প্ৰশিক্ষণ; মাশ্বৰুম উৎপাদন, বেকাৰী আৰু নাৰ্চাৰী মেনেজমেন্ট শিকি স্বাৱলম্বী হওক।

⚠️ Latest Movie Links & Series Updates

Limited Time – Join Before Link Removed!

🔥 Join Now

অসম বাতৰি (চৰকাৰী আঁচনি): অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনত Horticulture Mission for North East and Himalayan States (HMNEH) আঁচনিৰ জৰিয়তে ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী ঘোষণা কৰা হৈছে। এই প্ৰশিক্ষণসমূহ গ্ৰহণ কৰি যুৱক-যুৱতীসকলে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ’ব পাৰিব।

প্ৰশিক্ষণৰ বিষয় আৰু স্থান (Training Courses & Locations)

​তলত দিয়া চাৰিটা বিষয়ৰ ওপৰত বিভিন্ন স্থানত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব:

প্ৰশিক্ষণৰ বিষয়প্ৰশিক্ষণৰ স্থান
Small Nursery ManagementExcellence Centre, খেত্ৰী, কামৰূপ (ম)
Primary Processing (জাম, জেলী, আচাৰ আদি)Community Fruit Preservation & Training Centre, উলুবাৰী, গুৱাহাটী
Mushroom Production (মাশ্বৰুম উৎপাদন)Horticulture Development Centre, খানাপাৰা, গুৱাহাটী
Bakery & Confectionery (বেকাৰী প্ৰশিক্ষণ)Horticulture Development Centre, খানাপাৰা, গুৱাহাটী

অৰ্হতা আৰু যোগ্যতা (Eligibility Criteria)

  • শিক্ষাগত অৰ্হতা: প্ৰাৰ্থীগৰাকী নূন্যতম HSLC (দশম শ্ৰেণী) উত্তীৰ্ণ হ’ব লাগিব।
  • লক্ষ্যণীয় গোট: কেৱল শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এই সুযোগ।

প্ৰশিক্ষণৰ নিয়ম আৰু সুবিধাসমূহ (Key Rules & Benefits)

  • সময়সীমা: এইটো এটা চুটি পৰ্যায়ৰ ৩ দিনীয়া প্ৰশিক্ষণ।
  • থকা-খোৱাৰ সুবিধা: প্ৰশিক্ষণৰ দিনকেইটাত থকা আৰু খোৱাৰ ব্যৱস্থা সঞ্চালকালয়ৰ তৰফৰ পৰা চৰকাৰী নিয়ম অনুসৰি কৰা হ’ব।
  • যাতায়ত (TA): অহা-যোৱাৰ খৰচ প্ৰশিক্ষাৰ্থীয়ে নিজে বহন কৰিব লাগিব।

আবেদন কেনেকৈ কৰিব? (Application Process)

​আগ্রহী প্ৰাৰ্থীসকলে তলত দিয়া পদ্ধতিৰে আবেদন কৰিব পাৰিব:

  • Bio-data: আপোনাৰ এখন বিতং বায়’দাতা (Bio-data) ৰেডী কৰক য’ত মোবাইল নম্বৰ স্পষ্টকৈ উল্লেখ থাকে।
  • বিষয় উল্লেখ: বায়’দাতাত আপুনি কোনটো বিষয়ৰ বাবে প্ৰশিক্ষণ ল’ব বিচাৰে সেইটো স্পষ্টকৈ লিখিব লাগিব (এজন প্ৰাৰ্থীয়ে যিকোনো এটা বিষয়ৰ বাবেহে আবেদন কৰিব পাৰিব)।
  • আবেদন জমা দিয়াৰ ঠিকনা: পোনপটীয়াকৈ খানাপাৰাস্থিত সঞ্চালকালয়ৰ কাৰ্যালয়ত বা জিলা কৃষি বিষয়াৰ জৰিয়তে আবেদন কৰিব পাৰিব।
  • ইমেইলৰ জৰিয়তে: আপুনি আপোনাৰ আবেদন hortihmnehassam@gmail.com লৈ মেইল কৰিব পাৰে।
  • আবেদনৰ অন্তিম তাৰিখ: ৩১ মাৰ্চ, ২০২৬।
Assam Horticulture Training 2026

সঘনাই সোধা প্ৰশ্ন (FAQ)

প্ৰশ্ন ১: এই প্ৰশিক্ষণৰ বাবে কোনো পইচা দিব লাগিব নেকি?

উত্তৰ: নাই, এইটো চৰকাৰী আঁচনিৰ অধীনত দিয়া এটা বিনামূলীয়া প্ৰশিক্ষণ। আনকি থকা-খোৱাৰ সুবিধাও সঞ্চালকালয়ৰ তৰফৰ পৰা দিয়া হ’ব।

প্ৰশ্ন ২: এজন প্ৰাৰ্থীয়ে দুটা বিষয়ৰ প্ৰশিক্ষণ ল’ব পাৰিবনে?

উত্তৰ: নাই, জাননী অনুসৰি এজন প্ৰাৰ্থীয়ে যিকোনো এটা নিৰ্দিষ্ট বিষয়ৰ বাবেহে আবেদন জনাব পাৰিব।

Related New Job

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

🚨 Latest Govt Jobs 2026 – Apply Before Last Date!

Railway, Bank, SSC & 10th Pass Jobs Available

👉 Check All Jobs Now

Leave a Comment