APSC AFS Recruitment 2026: বিত্ত বিভাগত ট্রেজাৰী অফিচাৰ পদৰ নিযুক্তি; অনলাইন আবেদনৰ সবিশেষ জানক।

⚠️ Latest Movie Links & Series Updates

Limited Time – Join Before Link Removed!

🔥 Join Now

অসম বাতৰি (নিযুক্তি): অসম লোকসেৱা আয়োগে (APSC) ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ অধীনত Finance & Accounts Officer আৰু Treasury Officer (AFS Junior Grade II) পদৰ বাবে এক নতুন নিযুক্তিৰ জাননী জাৰি কৰিছে। যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলে এই গুৰুত্বপূৰ্ণ পদৰ বাবে আবেদন কৰিব পাৰিব।

পদৰ বিৱৰণ আৰু সময়সূচী (Key Dates)

বিষয়তাৰিখ / বিৱৰণ
মুঠ পদ (Total Vacancy)১২ টা
আবেদন আৰম্ভ হোৱাৰ তাৰিখ০৬ জানুৱাৰী ২০২৬
আবেদনৰ অন্তিম তাৰিখ০৫ ফেব্ৰুৱাৰী ২০২৬
মাচুল জমা দিয়াৰ শেষ তাৰিখ০৭ ফেব্ৰুৱাৰী ২০২৬

শিক্ষাগত অৰ্হতা আৰু বয়স (Eligibility)

  • শিক্ষাগত অৰ্হতা: প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক (Graduate) উত্তীৰ্ণ হ’ব লাগিব।
  • বয়সৰ সীমা (০১-০১-২০২৬ লৈ): ২১ ৰ পৰা ৩৮ বছৰ।
  • বয়সৰ ৰেহাই: SC/ST বাবে ৫ বছৰ আৰু OBC/MOBC বাবে ৩ বছৰৰ ৰেহাই থাকিব।
  • সৰু পৰিয়ালৰ নিয়ম (Small Family Norms): ০১-০১-২০২১ ৰ পিছত ২ তাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব।

আবেদন মাচুল (Application Fee)

শ্ৰেণী (Category)মুঠ মাচুল (Tax সহ)
সাধাৰণ (General)₹২৯৭.২০
SC / ST / OBC / MOBC₹১৯৭.২০
BPL / PwBD₹৪৭.২০

নিৰ্বাচন প্ৰক্ৰিয়া (Selection Process)

এই পদৰ বাবে বাছনি প্ৰক্ৰিয়া দুটা পৰ্যায়ত হ’ব:

  1. লিখিত পৰীক্ষা (Written Exam): ইয়াত সাধাৰণ ইংৰাজী, গণিত আৰু সাধাৰণ জ্ঞানৰ প্ৰশ্ন কাকত থাকিব।
  2. সাক্ষাৎকাৰ (Interview): লিখিত পৰীক্ষাত উত্তীৰ্ণ হ’লে সাক্ষাৎকাৰৰ বাবে মতা হ’ব।

আবেদন কেনেকৈ কৰিব? (How to Apply)

১/ প্ৰথমে APSC-ৰ অফিচিয়েল ৰিক্ৰুইটমেণ্ট প’ৰ্টেল apscrecruitment.in লৈ যাওক।

২/ যদি আপুনি নতুন, তেন্তে ‘One Time Registration (OTR)’ সম্পূৰ্ণ কৰক।

৩/ ইয়াৰ পিছত Login কৰি “Finance & Accounts Officer” বিজ্ঞাপনটোৰ ‘Apply Now’ বুটামত ক্লিক কৰক।

৪/ প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰি আবেদন মাচুলটো অনলাইনযোগে পৰিশোধ কৰক।

শেহতীয়া অন্যান্য চাকৰিৰ খবৰ:

Q: কি শাখাৰ স্নাতক ডিগ্ৰী প্ৰয়োজন?

উত্তৰ: যিকোনো শাখাৰ (Arts/Science/Commerce) স্নাতক ডিগ্ৰীধাৰীয়ে আবেদন কৰিব পাৰিব।

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

🚨 Latest Govt Jobs 2026 – Apply Before Last Date!

Railway, Bank, SSC & 10th Pass Jobs Available

👉 Check All Jobs Now

Leave a Comment