অসম বাতৰি (শিক্ষা সংবাদ): অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) এ ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী (Routine) আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে. যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব, তেওঁলোকৰ বাবে এইয়া এক অতি গুৰুত্বপূৰ্ণ খবৰ।
পৰীক্ষাৰ সময়সূচী অনুসৰি, বিভিন্ন বিষয়ৰ পৰীক্ষাসমূহ ৰাতিপুৱা আৰু দুপৰীয়া – দুটা চিফটত অনুষ্ঠিত হ’ব।
পৰীক্ষাৰ সময় (Time)
- Morning Shift: ৰাতিপুৱা ৯:০০ বজাৰ পৰা ১২:০০ বজালৈ
- Afternoon Shift: দুপৰীয়া ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ
ৰুটিনখন কেনেকৈ ডাউনলোড কৰিব? ছাত্ৰ-ছাত্ৰীসকলে তলত দিয়া পদ্ধতিৰে তেওঁলোকৰ অফিচিয়েল ৰুটিনখন ডাউনলোড কৰিব পাৰিব।
- প্ৰথমে AHSEC-ৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in ভ্ৰমণ কৰক
- ‘Examination Notification‘ শিতানলৈ যাওক
- তাৰ পিছত ‘H S Final Year Examination Programme, 2026‘ লিংকত ক্লিক কৰক
- ৰুটিনখন আপোনাৰ ফোন বা কম্পিউটাৰত ডাউনলোড কৰি লওক
(আৰু অধিক শেহতীয়া শিক্ষা সংক্ৰান্তীয় খবৰৰ বাবে আমাৰ ৱেবছাইট AxomBatori.in চলাই থাকক।)
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী – ২০২৬ (AHSEC HS Final Routine 2026)
| তাৰিখ আৰু বাৰ | ৰাতিপুৱা (৯:০০ – ১২:০০ বজা) | দুপৰীয়া (১:৩০ – ৪:৩০ বজা) |
| ১১ ফেব্ৰুৱাৰী, ২০২৬ (বুধবাৰ) | — | ইংৰাজী (English) |
| ১২ ফেব্ৰুৱাৰী, ২০২৬ (বৃহস্পতিবাৰ) | — | স্বদেশ অধ্যয়ন (Swadesh Adhyayan) |
| ১৪ ফেব্ৰুৱাৰী, ২০২৬ (শনিবাৰ) | — | আধুনিক ভাৰতীয় ভাষা (MIL) / অল্টাৰনেটিভ ইংলিছ |
| ১৬ ফেব্ৰুৱাৰী, ২০২৬ (সোমবাৰ) | — | সমাজতত্ত্ব / নৃতত্ত্ব / বিক্ৰী ব্যৱস্থাপনা |
| ২০ ফেব্ৰুৱাৰী, ২০২৬ (শুকুৰবাৰ) | — | পৰিসংখ্যা (Statistics) |
| ২১ ফেব্ৰুৱাৰী, ২০২৬ (শনিবাৰ) | সংগীত (গ্ৰুপ-A) | কম্পিউটাৰ বিজ্ঞান আৰু এপ্লিকেচন |
| ২৩ ফেব্ৰুৱাৰী, ২০২৬ (সোমবাৰ) | — | জীৱবিজ্ঞান / বীমা / বুৰঞ্জী |
| ২৭ ফেব্ৰুৱাৰী, ২০২৬ (শুকুৰবাৰ) | — | গণিত (Mathematics) |
| ৫ মাৰ্চ, ২০২৬ (বৃহস্পতিবাৰ) | — | পদাৰ্থ বিজ্ঞান / একাউণ্টেন্সী / শিক্ষা |
| ৬ মাৰ্চ, ২০২৬ (শুকুৰবাৰ) | বৃত্তিমূলক বিষয়-II | গৃহ বিজ্ঞান (Home Science) |
| ৯ মাৰ্চ, ২০২৬ (সোমবাৰ) | — | ৰসায়ন বিজ্ঞান / ব্যৱসায় অধ্যয়ন / ৰাজনীতি বিজ্ঞান |
| ১০ মাৰ্চ, ২০২৬ (মঙলবাৰ) | — | ভূগোল / ভূতত্ত্ব |
| ১২ মাৰ্চ, ২০২৬ (বৃহস্পতিবাৰ) | — | অৰ্থনীতি (Economics) |
| ১৬ মাৰ্চ, ২০২৬ (সোমবাৰ) | উদ্যমিতা বিকাশ (Entrepreneurship) | অগ্ৰসৰ সংস্কৃত (Advance Sanskrit) |
পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ টিপছ (Important Tips)
- সময়ৰ প্ৰতি সতৰ্কতা: ৰাতিপুৱাৰ চিফ্ট ৯ বজাৰ পৰা আৰু দুপৰীয়াৰ চিফ্ট ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব
- অফিচিয়েল ৰুটিন: ছাত্ৰ-ছাত্ৰীসকলে এই ৰুটিনখনৰ এখন ক’পি নিজৰ ওচৰত ৰাখিবলৈ পাহৰিব নালাগে
- প্ৰেক্টিকেল পৰীক্ষা: প্ৰেক্টিকেল পৰীক্ষাৰ বাবে নিজ নিজ বিদ্যালয় বা মহাবিদ্যালয়ৰ সৈতে যোগাযোগ কৰক
“যদিও আমি তথ্যসমূহ সঠিকভাৱে দিবলৈ চেষ্টা কৰিছোঁ, তথাপিও ছাত্ৰ-ছাত্ৰীসকলক এবাৰ অফিচিয়েল ৰুটিনখন মিলাই চাবলৈ অনুৰোধ জনালোঁ।”
অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:
🚨 Latest Govt Jobs 2026 – Apply Before Last Date!
Railway, Bank, SSC & 10th Pass Jobs Available
👉 Check All Jobs Now